মণিপুৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জয়লাভ, কেইবাখনো আসনত আগবাঢ়ি আছে বিজেপি…

আজি ঘোষণা কৰা হৈছে মণিপুৰসহ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।

৬০ খন আসনযুক্ত মণিপুৰত এই মুহূৰ্তলৈকে এখন আসনত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী।

ইয়াৰ বিপৰীতে ২১ খন আসনত আগবাঢ়ি আছে বিজেপি দল, আনহাতে কংগ্ৰেছে ৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। একেদৰে এনপিপিয়ে ৭খন আসন অগ্ৰগতি লাভ কৰিছে।

ইতিমধ্যে মণিপুৰৰ হেইগাং সমষ্টিৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে এক উৎসৱমূখৰ পৰিৱেশ

ইপিনে পঞ্জাৱত ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। বাকী ৰাজ্যকেইখনত বিজেপি দলে অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে।

Leave a Comment