মণিপুৰ এম্বুশ্বৰ শ্বহীদ খাটনাই কন্যাকৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন…

মনিপুৰত উগ্ৰপন্থীৰ ভয়াবহ এম্বুশ্বত শ্বহীদ হোৱা ৪৬ অসম ৰাইফলছৰ জোৱান খাটনাই কন্যাকৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন।

নগালেণ্ডৰ মন জিলাৰ টিজিতৰ নিজ গাঁও জাংখামত এক শোকাকুল পৰিৱেশত অন্তিম সৎকাৰ কৰা হয় ভাৰতীয় সেনা বাহিনীৰ বীৰ জোৱান গৰাকীৰ।

দেওবাৰে সন্ধিয়া বিশেষ হেলিকপ্টাৰযোগে নিজ গাঁৱলৈ অনা হৈছিল বীৰ শ্বহীদ জনৰ নশ্বৰ দেহ।

ইয়াৰ পাছতে টিজিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম ৰাইফলছ, ১৬৪ নাগা টি এ ৰেজিমেন্টৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জনাই গাঁৱবাসীয়ে।

শ্বহীদ খাটনাই কন্যাকে ইহ সংসাৰত পত্নী আৰু এটি ছয়মহীয়া কন্যা সন্তান,  জেষ্ঠ ভাতৃ আৰু পিতৃ-মাতৃক এৰি থৈ যায়।

Leave a Comment