fbpx
অসমীয়ামণিপুৰ

মণিপুৰত মৃত্যুৰ কিৰিলি! ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ ঘটনা বুলি অভিহিত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

নিউজ ডেস্কঃ মৃত্যুৰ বিভীষিকাই ভয়াবহ ৰূপ ধাৰণ কৰিছে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত। নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ ভূমিস্খলনক মণিপুৰৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ ঘটনা বুলি অভিহিত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।

photo1656744128

সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এয়া ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা। আমি ৮১ জন লোকৰ প্ৰাণ হেৰুৱাইছো। ইয়াৰে ১৮ জন টেৰিটৰিয়েল আৰ্মী জোৱানকে ধৰি উদ্ধাৰ কৰা হৈছে। প্ৰায় ৫৫ জন আৱদ্ধ হৈ আছে। সকলো মৃতদেহ উদ্ধাৰ কৰিবলৈ ২-৩ দিন লাগিব।’

photo1656744129

ইফালে ভাৰতীয় সেনাৰ আনুষ্ঠানিক বিবৃতি অনুসৰি শুকুৰবাৰে মণিপুৰৰ টুপুলত ভূমিস্খলন ঘটনাস্থলীৰ পৰা উদ্ধাৰ অভিযানত ৮ সেনা জোৱান আৰু চাৰিজন সাধাৰণ নাগৰিককে ধৰি আৰু ১২টা মৃতদেহ উদ্ধাৰ কৰা হয়।

photo1656744131

উল্লেখ্য যে, বুধবাৰে নিশা জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে টুপুল ৰে’লৱে ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ সমীপত সংঘটিত হৈছিল ভূমিস্খলন৷

photo1656744166

উত্তৰ-পূব সীমান্ত ৰে’লৱে চিপিআৰঅ’ই জনোৱা মতে, নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত চলি০ থকা জিৰিবাম-ইম্ফল নতুন লাইন প্ৰকল্পৰ টুপুল ষ্টেচন ভৱনটোৰো ক্ষতিসাধন হৈছে।

photo1656744157 1

ইফালে, মুখ্যমন্ত্রী এন বীৰেন সিঙে কয় যে কেন্দ্রৰ পৰা পৰিস্থিতি পৰিচালনাৰ ক্ষেত্ৰত ৰাজ্যখনে পূৰ্ণ সহযোগিতা লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ অভিযান চলাবলৈ এনডিআৰএফ আৰু সেনা জোৱানকো প্ৰেৰণ কৰিছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান চলোৱাত পলম হৈছে।

photo1656744204

আনহাতে, বৃহস্পতিবাৰে মণিপুৰত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফৌনিক বাৰ্তালাপ কৰে আৰু সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!