মণিপুৰঅসমীয়া

মণিপুৰত ভয়ংকৰ IED বিস্ফোৰণ, শ্বহীদ অসম ৰাইফলছৰ জোৱান

মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

12

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়ানৰ জোৱানসকলে পাহাৰীয়া অঞ্চলটোত তহল দি থকাৰ সময়তে বুধবাৰে সংঘটিত হয় এই বিস্ফোৰণ।

271150458-1026082611304195-6216418352514635718-n

বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত জোৱান জনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

5

ইফালে, বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে, বুধবাৰৰ ঘটনাটো মণিপুৰত যোৱা ৫০ দিনত এনেধৰণৰ চতুৰ্থটো বিস্ফোৰণ, যদিও এই বিস্ফোৰণৰ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

লগতে, এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠন বা কোনো বিদ্বেষী গোটে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

পূৰ্বে ১৮ নৱেম্বৰ, ১৫ ডিচেম্বৰ আৰু ২৯ ডিচেম্বৰতো ৰাজ্যখনত এনে ধৰণৰ বিস্ফোৰণ সংঘটিত হৈছিল।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ

photo-2022-01-07-12-31-47

কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ হত্যাকাৰীক চিনাক্ত, তথ্য দিওঁতালৈ পুৰস্কাৰ ঘোষণা NIA ৰ

G3

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button