মঞ্চত নাটক মঞ্চস্থৰ সময়তে হঠাৎ ঢলি পৰিল ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস! ব্ৰেইন ষ্ট্ৰোক হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন…

নিউজ ডেস্কঃ ভ্ৰাম্যমাণৰ নাটকৰ মাজতে আকস্মিকভাৱে ঢলি পৰি সংকটজনক অৱস্থাত চিকিৎসাধীন জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ দাস।

বৰ্তমান গুৱাহাটী মেট্ৰো হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী।

চিকিৎসকে জানিবলৈ দিয়া মতে, ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাগৰাকী আক্ৰান্ত হৈছে ব্ৰেইন ষ্ট্ৰোকত।

উল্লেখ্য যে, এইবছৰ থিয়েটাৰ সূৰ্যৰ সৈতে জড়িত হৈ আছে অভিনেতা প্ৰাণজিৎ দাস।

বৃহস্পতিবাৰে নিশা তেওঁ থিয়েটাৰৰ মঞ্চত ‘পৰশুনাথৰ প্ৰেয়সী’ নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰে।

লগে লগে অভিনেতাগৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।