মই যাৰ নিমখ খাইছো, তেওঁলোকৰে বহুতক চিনি নাপাও! শ্বাহৰুখ খান প্ৰসংগত আকৌ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো চৰ্চাৰ বিষয় হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!য

প্ৰথমে বলিউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলৈ শ্বাহৰুখ খানে ফোন কৰা বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীক লৈ এতিয়া সৰ্বত্ৰে আলোচনা।

তাৰ পিছতেই পুনৰ এই প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শ্বাহৰুখ খানক কিয় চিনি পাব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য- মোক ভোট দিয়া অসমৰ বহু লোকেক মই চিনি নাপাও, যাৰ মই নিমখ খাইছো, তেওঁলোককে চিনি নাপাও, শ্বাহৰুখ খানক কেনেকৈ চিনি পাম? এয়া এক অদ্ভূত মানসিকতা।’

আনহাতে প্ৰজন্ম লৈ আকৰ্ষণ হয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ দিনৰ আকৰ্ষণ আছিল অমিতাভ বচ্চন। আন কাৰোবাৰ হয়তো বেলেগ হ’ব পাৰে।

মুখ্যমন্ত্ৰীৰ মতে আদা বেপাৰীয়ে জাহাজৰ খবৰ ৰাখি লাভ নাই।

শ্বাহৰুখ খানে সন্ধিয়াই তেওঁলৈ মেছেজ কৰি ফোনত কথা পাতিব বিচাৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় নিশা ২ বজাত তেওঁ শ্বাহৰুখ খানক ফোন কৰিবলৈ অনুমতি দিছিল।

লক্ষণীয়ভাৱে তাৰকা অভিনেতা শ্বাহৰুখ খানৰ ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া পাঠান ছবিৰ মুক্তিৰ পূৰ্বেই গুৱাহাটীত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনাৰ।

বজৰংগ দলে পাঠান ছবিৰ বিৰোধিতা কৰি বেনাৰ, পোষ্টাৰ ফালি প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাক লৈ সাংবাদিকে মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত সেই সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল- কোন শ্বাহৰুখ খান?

কিন্তু তেঁৱেই দেওবাৰে টুইটযোগে জনায় যে নিশা ২ বজাত শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰি অসমত সৃষ্টি হোৱা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে- যিগৰাকী তাৰকাক দেশৰ প্ৰতিগৰাকী শিশু, বৃদ্ধই চিনি পায়, তেওঁক এজন মুখ্যমন্ত্ৰীয়ে চিনি নোপোৱাটো সম্ভৱ নে?