মই ভাগৰা নাই, কেতিয়াও নাভাগৰো, মোৰ হাতত যি তথ্য প্ৰমাণ আছে সেয়া আৰক্ষী-প্ৰশাসনক দিমঃ ভিক্টৰ দাস

চাকৰি নিযুক্তি পৰীক্ষাৰ নামত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক মাৰাথন জেৰা চলাইছে মহানগৰ আৰক্ষীয়ে।

শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক

কিন্তু পাণবজাৰ থানাৰ পৰিৱৰ্তে অন্য স্থানত জেৰা চলাইছে মহানগৰ আৰক্ষীয়ে।

গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই চলাব জেৰা।

পাণবজাৰ থানাত উপস্থিত হোৱাৰ পাছতে ভিক্টৰৰ দাসে কয়- ‘মই ভাগৰা নাই কেতিয়াও নাভাগৰো। মোৰ হাতত যি তথ্য প্ৰমাণ আৰক্ষী প্ৰশাসনক দিম।’

উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল দাসে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি কৰিছিল টুইট।

৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল টুইটত।

কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।