ASSAM

মই বহুত পলম কৰিলােঁ, বহু আগতে বিজেপিত যােগদান কৰিব লাগিছিলঃ ৰূপজ্যােতি কুৰ্মী

নিউজ ডেস্ক। মই বহুত পলম কৰিলােঁ, বহু আগতে মই বিজেপি দলত যােগদান কৰিব লাগিছিল।

এই মন্তব্য ন-বিজেপি নেতা ৰূপজ্যােতি কুৰ্মীৰ।

উল্লেখ্য যে সােমবাৰে ধেমাজীৰ গেৰুকামুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যােতি কুৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।

এই উপলক্ষে ধেমাজিৰ NHPC প্ৰেক্ষাগৃহত এই কাৰ্যসূচীতৰ আয়ােজন কৰা হয়।

বিজেপি দলত যোগদান কৰিয়েই বিজেপিৰ নীতি আদৰ্শৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰূপজ্যােতি।

সভাত ভাষণ ৰাখি তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সভ্যতা-সংস্কৃতি ৰক্ষা কৰাৰ অভিযান আৰম্ভ হৈছে।

অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হােৱাৰ উপক্ৰম হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে লুঙী-টুপিৰ চৰকাৰ গঠন কৰিব বিচৰাসকলক প্ৰতিৰােধ কৰিব লাগিব।

উল্লেখ্য যে, মৰিয়নিত উ-পনিৰ্বাচনত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে কুৰ্মীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button