মই পুৰণা হ’লেও ৰাজ্যিক সভাপতি হ’ব নোৱাৰো, ইয়াত টেকনিকেল প্ৰব্লেম আছেঃ শিলাদিত্য দেৱ…

ৰাজ্যত শেহতীয়াভাৱে সম্প্ৰসাৰণ কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ।
য’ত দুগৰাকী বিজেপি বিধায়কে নতুনকৈ লাভ কৰে মন্ত্ৰীত্ব।
নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই লাভ কৰে মন্ত্ৰীত্বৰ দায়িত্ব।
দুগৰাকী নতুন নেতাই মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল যে, বিজেপি দলত দৰদ কমিছে নেকি পুৰণি তথা জ্যেষ্ঠ নেতাৰ।
এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শিলাদিত্য দেৱে।
তেওঁ কয়- মই ১৯৯১ চনৰ পৰা বিজেপিৰ সৈতে জড়িত। সেই হিচাপে মই দলৰ ৰাজ্যিক সভাপতি হ’ব লাগিছিল কিন্তু ৰাজ্যিক সভাপতি শিলাদিত্য দেৱ হ’ব নোৱাৰে তাত টেকনিকেল প্ৰব্লেম আছে। ৰাজনীতি এটা বেলেগ বস্তু, আমি নতুন পুৰণিৰ কথা কৈ লাভ নাই। ৰাজনীতি পুখুৰী নহয়, ৰাজনীতি হৈছে এখন বৈ থকা নদী। ৰাজনীতিত নতুনত্ব আহিবই।
ৰাজনীতিত নতুন-পুৰণিৰ কথা ক’লে ৰাইজক অপমান কৰা হয় বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে। তেওঁ কয়- ২০১১ চনত যিসকল ৰাইজে কংগ্ৰেছক ভোট দিছিল সেই একেখিনি ৰাইজে ২০১৬ চনত বিজেপিক জয়যুক্ত কৰিছিল। মানুহৰ মনৰ পৰিৱৰ্তন হয়। আজি কোনোবাই বিজেপি কৰিছে কাইলৈ কৰিবনে নাই তাৰ কোনো নিশ্চয়তা নাই।
লগতে কংগ্ৰেছ কৰা সকলে যদি কাইলৈ সচেতন হৈ যায় যে, তেওঁলোকে বেয়া কাম কৰি আছে তেতিয়াহলে তেওঁলোকে বিজেপিত যোগদান কৰিব পাৰে।-শিলাদিত্য।
লগতে তেওঁ কয়- নতুন-পুৰণিৰ কথা গুৰুত্ব দি লাভ নাই, কোনে কিমান ৰাইজৰ হৈ কাম কৰিব পাৰে সেইটোহে ডাঙৰ কথা। কোনোবাই ভৰি ধৰি হ’লেও এৰাতিৰ ভিতৰত ৰাজ নেতা হৈ যাব পাৰে। এতিয়া ৰাইজৰ ভৰি ধৰে নে নেতাৰ ভৰিত ধৰে সেইটো নিজৰ কথা। কোনোবাই চামছাগিৰি কৰি তেল মাৰি কৰিব পাৰে।