মই পণ লৈছাে, ৩১ ডিচেম্বৰৰ ৰাতি কাকো মৰিবলৈ নিদিওঁঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। নৱ বৰ্ষ মানেই একাংশ লােকৰ বাবে সুৰা-পাৰ্টীৰ বাবে নতুন অজুহাত।

পৰিণতিত নৱ বৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যজুৰি সংঘটিত হয় অসংখ্য পথ দুৰ্ঘটনা, য’ত প্ৰাণ হেৰুৱাই বহু যুৱক-যুৱতীয়ে।

কিন্তু এইবাৰ এই বছৰেকীয়া পৰম্পৰা যেন ভংগ হ’ব, কিয়নাে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লৈছে দৃঢ় সংকল্প।

‘মই পণ লৈছাে, এইবাৰ ৩১ ডিচেম্বৰৰ নিশা এজনো ল’ৰা মৰিব নিদিওঁ’- এই অংগীকাৰ স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

FFm-i-Yt-UYAEQTef

ইতিমধ্য ৰাজ্যজুৰি চলিত মাহৰ ১ ডিচেম্বৰৰ পৰা বাইক আৰােহী তথা সহযাত্ৰীৰ হেলমেট পৰিধান বাধ্যতামূলক কৰাৰ লগতে থানাই থানাই হেলমেট নিপিন্ধা চালক-আৰােহীৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠােৰ অভিযান।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি কৈছে যে হেলমেট সকলোৱে পিন্ধিব লাগিব। মানুহক মৰিব দিব নোৱাৰি।

হেলমেট দুটা বা এটা কি? যদি দুৰ্ঘটনা হয়, মটৰচাইকেলৰ পৰা পৰাৰ পিছত বচাৰ নিয়ম আছে নেকি পিছপিনৰ জন। মানুহক বচাব লাগিব। তাতে আমাৰ কি স্বাৰ্থ আছে। ডেকা ডেকা ল’ৰা মৰি যায়। মাক-দেউতাকৰ এটা ল’ৰা দুৰ্ঘটনাত মৰি যায়।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে, ‘এইবাৰ মই পণ লৈছো যে ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিব নিদিওঁ মটৰচাইকেল দুৰ্ঘটনাত। ৩১ ডিচেম্বৰৰ পুৱাৰে পৰা সমগ্ৰ অসমত পুলিচ ওলাব। কোনো মটৰচাইকেল ৬০ৰ ওপৰত চলিব নিদিওঁ। ল’ৰা এজন মৰি গ’লে দেউতাক-মাকৰ কিমান কষ্ট হয় সেই কথা দেউতাক-মাকেহে বুজি পায়। নৱবৰ্ষক আদৰা মানে উশৃংখলতা নহয়।’

লগতে চাওকঃ

ভেকচিন লােৱাৰ পাছতে অসুস্থ ৭০ বছৰীয়া বৃদ্ধা, চিকিৎসালয়ত মৃত্যু

Leave a Comment