Mon. Nov 23rd, 2020

নিউজ ডেস্ক। অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই নিজকে দলৰ শীৰ্ষ নেতাৰ সলনি শীৰ্ষ সেৱক হিচাপেহে পৰিচয় দি অধিক সন্তুষ্টি লাভ কৰে।

গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসস অংশ লৈ বৰাই মন্তব্য কৰে যে মই দলৰ ১ নম্বৰ সেৱকহে, নেতা নহয়।

বৰাই কয় যে মই নিজকে দলৰ নেতা বুলি ভবা নাই। মই নিজকে দলৰ ১ নম্বৰ সেৱক বুলিহে অনুভৱ কৰােঁ।

তেওঁ কয় যে অগপৰ মূল ভেটিক শক্তিশালী কৰিবলৈ ২੦১৯ চনৰ ২১ নৱেম্বৰত অসম ছাত্ৰ পৰিষদৰ জন্ম দিয়া হৈছিল। অসম ছাত্ৰ পৰিষদ অগপ দলৰ ভৱিষ্যৎ বুলি তেওঁ মন্তব্য কৰে।

অনাগত দিনত ছাত্ৰ পৰিষদে দলৰ নেতৃত্ব ল’ব লাগিব বুলি তেওঁ কয়।

উল্লেখ্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও নিজকে দেশৰ চকীদাৰ আৰু প্ৰধান সেৱক বুলি বিভিন্ন সময়ত ভাষণ প্ৰসংগত উল্লেখ কৰি আহিছে।