fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

মই জীয়াই থাকিব বিচাৰো! ধ্বংসস্তূপৰ মাজত ৪ দিন নিজৰ প্ৰস্ৰাৱ খাই অতিবাহিত কৰি মৃত্যুঞ্জয়ৰ হাঁহি লৈ ওলাই আহিল এজন যুৱক…

নিউজ ডেস্কঃ প্ৰতিটো মূহুৰ্তই আছিল বিভীষিকাময়!

সময় যিমানেই বাঢ়িছিল, সিমানেই বাঢ়িছিল বুকুৰ ধপধপনিও। ক্ৰমাৎ চুটি হৈ আহিছিল উশাহ!

হাত-ভৰি, ডিঙি, পিঠি সকলোতে কেৱল অনুভৱ হৈছিল প্ৰচণ্ড বিষ। গাৰ ঘাৰ পৰা ওলোৱা তেজবোৰ এটা সময়ত কৰাল বান্ধিছিল।

এনে সময়ো আহিছিল- যেতিয়া জীয়াই থকাৰ আশা তেওঁ হেৰুৱাই পেলাইছিল।

কিন্তু পিছ মুহূৰ্ততে পুনৰ তেওঁ দৃঢ় হৈছিল- তেওঁ জীয়াই থাকিবই লাগিব। তেওঁক ভালপোৱা মানুহবোৰৰ বাবে অন্ততঃ জীয়াই থাকিব লাগিব…।

মনৰ সেই উদ্যম আৰু জীয়াই থকাৰ দুৰ্বাৰ বাসনাই তেওঁক মৃত্যুৰ মুখৰ পৰা যেন ওভতাই লৈ আহিল।

সেয়ে সম্পূৰ্ণ ৯৪ ঘণ্টা তেওঁ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকাৰ পিছত যেতিয়া উদ্ধাৰকাৰী দলে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল, তেতিয়া তেওঁৰ মুখত বিৰিঙি উঠিল মৃত্যুক জয়ৰ হাঁহি।

বয়স তেওঁৰ মাত্ৰ ১৭ বছৰ। নাম আদনান মহম্মদ কৰ্কুট। তুৰস্কৰ বিধ্বংসী ভূমিকম্পৰ কবলত পৰা তেঁৱো এজন ভুক্তভোগী।

image 53

প্ৰবল ভূঁইকপৰ পিছত গাজিয়ানটেপৰ বাসগৃহৰ বেছমেণ্টত আৱদ্ধ হৈ পৰিছিল আদনান।

ভাগি পৰা কংক্ৰিটৰ দালানে চৌদিশৰ পৰা বেঢ়ি ধৰিছিল যুৱকজনক। শৰীৰৰ বিভিন্ন অংগত পাইছিল আঘাত।

কিন্তু তাৰ পিছতো আদনানে হেৰুৱাই পেলোৱা নাছিল জীয়াই থকাৰ বাসনা। তেওঁ জানিছিল- এদিন তেওঁক বিচাৰিও আহিব উদ্ধাৰকাৰী দল।

সেই সময়ত তেওঁৰ ওচৰত খাবলৈ নাছিল একো। সেয়ে নিজকে জীয়াই ৰাখিবলৈ প্ৰস্ৰাৱ পান কৰিবলগীয়া হৈছিল আদনানে।

আৰু ৯৪ ঘণ্টা ধ্বংসাৱশেষৰ মাজত তেনেকৈয়ে অতিবাহিত কৰাৰ পিছত অৱশেষত সেই স্থানত উপস্থিত হয় উদ্ধাৰকাৰী দল।

ক্ৰমাৎ অচেতন হ’বলৈ আৰম্ভ কৰা আদনানৰ মূৰটো কোলাত লয় এজন উদ্ধাৰকাৰীয়ে কয়- ‘মোৰো এজন ল’ৰা আছে, ঠিক তোমাৰ দৰেই।’

image 52

সেই উদ্ধাৰকাৰীজনে পুনৰ কৈছিল- ‘তোমাক মই মৰিবলৈ নিদিও। চাৰিদিন ধৰি আমি তোমাক বিচাৰি আছিলো। চাৰি দিন ময়ো শোৱা নাই।’

উদ্ধাৰকাৰীজনৰ সেই আন্তৰিকতাভৰা কথাখিনিয়ে যেন এক নতুন শক্তি দিছিল আদনানক। যুৱকজনৰ মুখত বিৰিঙি উঠিল এটা হাঁহি।

সেয়া আছিল ৰণভূমিত শত্ৰুক পৰাভূত কৰাৰ পিছত ওঁঠে সামৰি লোৱা এক তৃপ্তিৰ হাঁহি।

বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে আদনান। লাহে লাহে তেওঁ সুস্থ হৈ উঠিছে।

হাস্পতালত সাংবাদিকে তেওঁৰ চাৰিদিনীয়া সংগ্ৰামৰ বিষয়ে জানিব বিচৰাত আদনানে হাঁহি মাৰি কৈছে- মই জীয়াই থাকিব বিচাৰিছিলো…।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!