অসমীয়াঅসম

মই কোনো চেলিব্ৰেটী নহয়! বিদায় বেলাত আৰু কি কৈ গ’ল IPS আনন্দ মিশ্ৰই…

নিউজ ডেস্কঃ অসম এৰিলে অসমবাসীৰ নয়নৰ মণি হৈ পৰা আইপিএছ আনন্দ মিশ্ৰই। অসমৰ কেইবাখনো জিলাত আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্য পালন কৰি ৰাজ্যবাসীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা আইপিএছ বিষয়া আনন্দ মিশ্ৰই অসমৰ পৰা বিদায় লোৱাৰ খবৰে মৰ্মাহত কৰিছে অনেকক।

অসম আৰক্ষীৰ হকে সুদীৰ্ঘ কাল কাম কৰি এতিয়া অসম এৰি যোৱা আনন্দ মিশ্ৰই যোৱাৰ পূৰ্বে ক’লে মনৰ কথা। অসম আৰক্ষীত কাম কৰাৰ সুযোগ লাভ কৰাটো এক ডাঙৰ উপলব্ধি বুলি বৰ্ণনা কৰি আইপিএছ বিষয়াগৰাকীয়ে কয় যে অসমৰ ৰাইজে তেওঁক যথেষ্ট মৰম দিছে, সেয়া তেওঁ কেতিয়াও পাহৰিব নোৱাৰে।

photo1664179052

অসমৰ সৈতে থকা আন্তৰিকতাই তেওঁক বুজাব নোৱাৰা সুখানুভূতি প্ৰদান কৰা বুলি দোহাৰি আনন্দ মিশ্ৰই কয়, ”অসমত আহি কাম কৰাৰ সুযোগ পাইছো, আৰক্ষীৰ পোছাক পিন্ধাৰ, আইপিএছ হোৱাৰ সুযোগ পাইছো, এয়া এক ডাঙৰ উপলব্ধি। মই ইয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ।’’

মানুহৰ মাজত চেলিব্ৰেটী হৈ পৰা সন্দৰ্ভত আইপিএছ বিষয়াগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ”মই এজন চৰকাৰী কৰ্মচাৰীহে। অসমৰ ৭০ হাজাৰ আৰক্ষী জোৱানৰ মাজত ময়ো এজন। মই কোনো চেলিব্ৰেটী নহয়।’’

আনহাতে ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত শেষবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইপিএছ বিষয়াগৰাকীয়ে কয় যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে বেয়া মানুহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন জনাইছিল বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এআইজিপিৰ দায়িত্বত থকা আনন্দ মিশ্ৰই। অসম চৰকাৰে তেওঁক এনঅ’চি প্ৰদান কৰাৰ পিছতে অসমৰ পৰা বিদায় লয় অসম-মেঘালয়ৰ কেডাৰ গৰাকীয়ে।

জানিব পৰা মতে, শীঘ্ৰে বিহাৰ কেডাৰত যোগদান কৰিব আইপিএছ বিষয়াগৰাকীয়ে।

Related Articles

Back to top button