‘মই কিজানি অসমৰ আটাইতকৈ দুৰ্ভাগ্যবান শিক্ষামন্ত্ৰী’- কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই..?

‘মই কিজানি অসমৰ আটাইতকৈ দুৰ্ভাগ্যবান শিক্ষামন্ত্ৰী।’

শিক্ষক দিৱসৰ দিনাই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কলাক্ষেত্ৰত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ২২ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ শিক্ষামন্ত্ৰী থকা দিনৰ কথা সোঁৱৰি ভাষণত কয়- মই কিজানি অসমৰ আটাইতকৈ দুৰ্ভাগ্যবান শিক্ষামন্ত্ৰী। জোনে এবাৰো শিক্ষামন্ত্ৰীৰ কাৰ্যকাল ৫ বছৰ সম্পূৰ্ণ কৰিব পৰা নাছিলো।

তেওঁ কয়- ২০১১ৰ পৰা ১৪লৈ তিনি বছৰ, আকৌ ২০১৬ ডেৰ বছৰ আৰু ২০১৯-২০ এবছৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকিলো। চেগাচোৰোকাকৈ মই অসমৰ তিনিবাৰ শিক্ষা জগতত ভূমুকি মাৰাৰ মোৰ সৌভাগ্য হৈছিল। কিন্তু এবাৰো শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকাল ৫ বছৰ সম্পূৰ্ণ কৰিব নোৱাৰিলো।