মই কংগ্ৰেছত থকাৰ পৰাই নদীবান্ধৰ সমৰ্থন কৰি আহিছোঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।

কিন্তু ইয়াৰ মাজতে যোৱা ৩ ডিচেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছিল যে, অহা আগষ্ট মাহৰ পৰাই সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিদ্যুত উতপাদনৰ কাম আৰম্ভ হব।

ইয়াৰ পিছতে এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ।

এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- মই কংগ্ৰেছত থকাৰ পৰাই নদীবান্ধৰ সমৰ্থন কৰি আহিছো।

তেজপুৰত অনুষ্ঠিত বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰকল্পটোৰ কামক সমৰ্থন কৰি তেওঁ লগতে কয়- মইতো এটা কথাই কৈছে অসমৰ মানুহক জীৱিকা লাগে। বিগত দুটাবছৰ বেদনাদায়ক আৰু কৰুণ সময়ৰ মাজেদি আহিলো। গতিকে মই সকলোকে অনুৰোধ কৰিছে একো নোহোৱাকৈ যাতে আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি নকৰে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়- মই এই সন্দৰ্ভত মই প্ৰৱন্ধও লিখিছো। ২-৩ঘন্টা ভাষণো দিছো আৰু বুজাবলৈ চেষ্টা কৰি আহিছো যে, জল বিদ্যুত প্ৰকল্প আমাক কিয় লাগে।

উল্লেখ্য যে, তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।

Leave a Comment