মই আপোনালোকৰ এই মৰম সুতে-মূলে উন্নয়নৰ মাধ্যমেৰে উভতাই দিমঃ প্ৰধানমন্ত্ৰী…

আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰীক আদৰিবলৈ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰিছে ৰাজ্য চৰকাৰে।

অসমৰ উপস্থিত হোৱাৰ পাছতে কাৰ্বি আংলং জিলাৰ ডিফুত এক ‘শান্তি, সম্প্ৰীতি আৰু উন্নয়ন’ ৰেলী সম্বোধন কৰে মোদীয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, অসমে এতিয়া বহুখিনি উন্নয়নৰ মুখ দেখিছে। ২০১৪ চনৰ পিছতহে উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃত উন্নয়ন আৰম্ভ হৈছে। উত্তৰ-পূবত হিংসা ৭৫ শতাংশ হ্ৰাস পাইছে। এটা সময়ত কাৰ্বিআংলঙত বন্দুকৰ শব্দত ৰাতিপুৱাইছিল, এতিয়া হাত চাপৰিৰে ৰাতি পুৱায়।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়- ৰাষ্ট্ৰৰ উন্নয়ন আৰু চহৰ, গাঁৱৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ। স্থানীয় প্ৰয়োজনীয়তা, স্থানীয় পৰিস্থিতি অনুসৰি উন্নয়ন পৰিকল্পনা প্ৰস্তুত আৰু সঠিকভাৱে ৰূপায়ণ কৰিলেহে গাওঁবোৰৰ সঠিক বিকাশ সম্ভৱ হয়।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “দ্বৈত ইঞ্জিন চৰকাৰে য’তেই নহওঁক, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰচেষ্টাৰ ভাৱনাৰে কাম কৰে। আজি কাৰ্বি আংলঙৰ এই ভূমিত এই সংকল্প পুনৰুজ্জীৱিত হৈছে। অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে স্বাক্ষৰিত চুক্তিখন অনাৰ কাম দ্ৰুত গতিত চলি আছে।

যেতিয়াই মই আপোনাৰ মাজত আহিবলৈ সুযোগ পাইছোঁ, আপোনাৰ প্ৰেম, নিজকে দেখি, ই ঈশ্বৰৰ আশীৰ্ব্বাদৰ দৰে অনুভৱ হয়। ইমান সংখ্যক লোক ইয়ালৈ আহিছে, তেওঁলোকেও তেওঁলোকৰ পৰম্পৰাগত পোছাক পৰিধান কৰিছে, যাৰ বাবে মই আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো- প্ৰধানমন্ত্ৰী।

লগতে ইয়াকো কয় যে, অসমৰ মানুহে বহুত মৰম দিছে। অসমৰ ৰাইজৰ এই মৰম সুতে মূলে উন্নয়নৰ মাধ্যেমেৰে উভতাই দিয়া হব।

Leave a Comment