অসম

মইনা নায়ক কাণ্ডৰ পুনৰাবৃত্তি! ফেক্টৰীৰ মেচিনত সোমাই কৰুণ মৃত্যু কৰ্মচাৰী অশোক বৰশইকীয়াৰ

ৰাজ্যত মইনা নায়ক কাণ্ডৰ পুনৰাবৃত্তি।

এইবাৰ ডিমা হাছাও জিলাৰ দৈয়াংমুখৰ ফেক্টৰীত অঘটন।

ফেক্টৰীৰ মেচিনত সোমাই কৰুণ মৃত্যুক আকোৱালি ল’লে এগৰাকী কৰ্মচাৰীয়ে।

মৃত কৰ্মচাৰীগৰাকী অশোক বৰশইকীয়া বুলি জানিব পৰা গৈছে।

অশোক বৰশইকীয়াৰ ঘৰ তিনিচুকীয়াৰ ফিল’বাৰীত।

কৰ্মৰত অৱস্থাত মেচিনত হঠাতে কৰ্মচাৰী অশোকৰ মুৰটো সোমাই যায়। যাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।

লগে লগে অশোক বৰশইকীয়াক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল অশোক বৰশইকীয়া।

ঘটনাস্থলীত উপস্থিত হৈ দৈয়াংমুখ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

Back to top button