মইনা নায়কক মনত আছেনে..? সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল মইনা…

সুস্থ হৈ ঘৰলৈ উভতিল ডিব্ৰুগড়ৰ মইনা নায়ক৷

কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত ক্ৰমাৎ সুস্থ হৈ উঠিছে মইনা নায়ক৷

সম্প্ৰতি মইনাক ঘৰতে থাকি নিয়মিতভাৱে ড্ৰেছিং কৰাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে।

প্ৰায় ৬ মাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল মইনা নায়ক৷

চাহ বাগিছাৰ মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল চাহ শ্ৰমিকগৰাকী৷