অসম

ভৱেশ কলিতা বিজেপিৰ পুৰণি মানুহ, ভৱেশ কলিতাৰ বিৰুদ্ধে অহা অভিযোগ অমূলকঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

চৰকাৰী চাকৰিৰ নামত ধন লেনদেনৰ অভিযোগ উত্থাপন হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

বিধায়ক ভৱেশ কলিতাক  ক্লীন শ্বীট দিলে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়- বিজেপিৰ সাংগঠিনক দিশটো ইমান ঠুনুকা নহয়। ভৱেশ কলিতা বিজেপিৰ পুৰণি কৰ্মী। বিজেপিত কাৰোবাক এনেকৈ আঁতৰাব নোৱাৰি। ভৱেশ কলিতাৰ বিৰুদ্ধে অহা অভিযোগ অমূলক। চাৰিবছৰ পূৰ্বে কিয় যুৱতীগৰাকীয়ে কৰা নাছিল অভিযোগ?

তেওঁ কয়- এডমিট কাৰ্ড কাৰোবাৰ ৰাখিলেই দোষ কৰা নুবুজায়। সকলো বিধায়কৰ ঘৰত প্ৰতিদিনেই জমা হয় বহু এডমিট কাৰ্ড। এইয়া ৰাজনৈতিক ষড়যন্ত্ৰ নহয়। বিজেপিত কোনো দুটা পক্ষ নাই, বিজেপিত এটাই পক্ষ।

Related Articles

Back to top button