ভৰা লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪গৰাকী

ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়াত ভৰা লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা।

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন ৪জনকৈ লোক।

মাহমৰাৰ পৰা বালিজানলৈ টুলুঙা নাৱেৰে আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা।

নাওখনত আছিল মুঠ ৯জন লোক।

সন্ধানহীন ব্যক্তিকেইজনৰ হৈছে শংকৰ যাদৱ-চাবুৱা, চুংকু কৰ্মী-ৰহমৰীয়া লাইন, ধমেন দাস-ৰহমৰীয়া বৰতীচুক আৰু কিষণ যাদৱ-মহমৰা।

লুইতৰ বুকুত প্ৰবল সোঁতত পৰি নাওখন দুৰ্ঘটনাগ্ৰস্ত হয়।

বৰ্তমানে ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।