ভয়াৱহ ভূমিস্খলনত সন্ধানহীন ৫ জন, এজনৰ মৃত্যু

নিউজ ডেস্ক। দক্ষিণ ছিকিমত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত এজনৰ মৃত্যু, সন্ধানহীন ৫ জন।

ৰংপু-মেলি ১০ নং ৰাষ্ট্ৰীয় ঘাইপথতৰ কেইবাটাও অংশত হয় ভূমিস্খলনৰ ঘটনা।

বৃহস্পতিবাৰে হোৱা প্ৰৱল বৰষুণৰ বাবে হয় এই ভূমিস্খলন। ভূমিস্খলনত বহুতো লোক আহত হোৱাৰ বিপৰীতে সন্ধানহীন হয় কেইবাজনো।

মামখোলাত নিশা হোৱা ভূমিস্খলনৰ ফলত ৫ লোক বৰ্তমানেও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ১০ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ যাতায়ত ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

ঘাইপথটোৰ কেইবাটাও অংশত ভূমিস্খলন হোৱাৰ বাবে পশ্চিম বংগ আৰু ছিকিমৰ দুয়োফালেই যাতায়ত সেৱা বন্ধ হৈ পৰে। মেলীত এখন চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১০ টা মান ঘৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত হয়।

চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কয় যে, আগন্তুক জাননী নিদিয়া পৰ্যন্ত এই পথেৰে কোনোৱে যাত্ৰা কৰাটো অনুচিত।

ভূমিস্খলনত বন্ধ হোৱা পথ মুকলি নোহোৱা পৰ্যন্ত মামৰিঙৰ পৰা মেলীলৈ বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে। ২৯ মাইলত ভূমিস্খলনৰ বাবে বন্ধ হোৱা পথ মুকলি কৰা হৈছে।

Leave a Comment