ভয়াৱহ প্ৰদূষণ! দিল্লীত অনিৰ্দিষ্টকাললৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা…

ক’ভিডৰ বাবে দীৰ্ঘদিনৰ অন্তত দিল্লীৰ স্কুল-কলেজসমূহ খোলাৰ পাছতে এইবাৰ ভয়ংকৰ প্ৰদূষণৰ বাবে পুনৰ বন্ধ হৈ পৰিল শিক্ষানুষ্ঠানসমূহ।

ৰাজধানী দিল্লীত অনিৰ্দিষ্টকাললৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

ভয়াৱহ প্ৰদূষণৰ বাবে এই সিদ্ধান্ত দিল্লী চৰকাৰৰ।

পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব স্কুল, কলেজৰ লগতে আন আন শৈক্ষিক প্ৰতিষ্ঠান। 

আনহাতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থকাৰ বিপৰীতে বাকীসকলে ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

২১ নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব ৱৰ্ক ফ্ৰম হ’ম।

বন্ধ থাকিব দিল্লীৰ ৩০০ কিঃমিঃ ব্যাসাৰ্ধ এলেকাৰ তাপবিদ্যুৎ কেন্দ্ৰবোৰ।

৩০ নৱেম্বৰলৈ বন্ধ থাকিব তাপবিদ্যুৎ কেন্দ্ৰসমূহ। মাত্ৰ ৫টা তাপবিদ্যুৎ কেন্দ্ৰহে সক্ৰিয় হৈ থাকিব।

দিল্লীত ট্ৰাক প্ৰবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কেৱল অত্যাৱশ্যকীয় সামগ্ৰীবাহী ট্ৰাকসমূহে প্ৰৱেশ কৰিব পাৰিব।

১০ বছৰতকৈ অধিক পুৰণি ডিজেল চালিত বাহন চলাচলত নিষেধাজ্ঞা।

১৫ বছৰতকৈ অধিক পুৰণি পেট্ৰ’ল চালিত বাহন চলাচলত নিষেধাজ্ঞা।

২১ নৱেম্বৰলৈ চলিব নোৱাৰিব এই বাহন সমূহ।

Leave a Comment