ভয়াৱহ নাও দুৰ্ঘটনা, একেটা পৰিয়ালৰে ১১ জনৰ সলিল সমাধি

নিউজ ডেস্ক। এইবাৰ নাও দুৰ্ঘটনা সংঘটিত হ’ল মহাৰাষ্ট্ৰত।

জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ১০.৩০ বজাত মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ ৱাৰ্ধা নদীত এখন অত্যাধিক যাত্ৰী কঢ়িওৱা নাও ডুবি যোৱাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয়।

তাৰ বিপৰীতে বৰ্তমানেও সন্ধানহীন হৈ আছে আন সাতজন।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো ৱাৰুদ মহকুমাৰ বেনোদা আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছিল। য’ত গাদেগাঁও গাঁৱৰ ১২ জন লোকে নাৱৰীয়াৰ সৈতে ওচৰৰ এটা জলপ্ৰপাত পৰিদৰ্শন কৰি এটা মন্দিৰলৈ গৈ আছিল।

তেনে অৱস্থাতে নাওঁখন নদীৰ মাজভাগত ডুবি যায়। প্ৰাথমিকভাৱে দেখা গৈছে যে ওজন বেছি হোৱাৰ বাবে নাওখনে ভাৰসাম্য হেৰুৱাইছিল।

আৰক্ষীৰ লগতে কয়, আৰক্ষী আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দলে বৰ্তমানলৈকে চাৰিটা মৃতদেহ উদ্ধাৰ কৰে।

তেওঁলোকৰ তিনিজনক নাৱৰীয়া নাৰায়ণ মাটাৰে (৪৫), ৱানশিকা শিৱাংকৰ (২) আৰু কিৰণ খাণ্ডেল (২৫) বুলি চিনাক্ত কৰা হৈছে।

আন সাতজন সন্ধানহীন লোকক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে। দুৰ্ঘটনাটোৰ পিছত নাওখনত থকা দুজন সাঁতুৰি সুৰক্ষিত স্থানলৈ আহিবলৈ সক্ষম হৈছিল।

Leave a Comment