ভয়াৱহ গৰাখহনীয়াৰ কবলত শ-শ পৰিয়াল, সৰ্বস্ব হেৰুৱাই নিৰুপায় নৈপৰীয়া ৰাইজ…

চেঙা সমষ্টিৰ কাছুমাৰা-কাশিমপুৰত লুইতৰ ভয়াবহ খহনীয়া।

শ-শ পৰিয়াল গৃহহীন,সৰ্বস্বান্ত নৈপৰীয়া গয়া।

আপোন ঘৰখন নদীৰ বুকুত জাহ যোৱাত কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিল নৈপৰীয়া গয়া।

কাছুমাৰা-কাশিমপুৰৰ প্ৰায় তিনিশটা পৰিয়াল গৃহহীন হোৱাৰ লগতে শ-শ বিঘা কৃষি ভূমি জাহ গৈছে নদীৰ বুকুত৷

গৰাখহনীয়াৰ কবলত পৰি হেপাঁহেৰে সজা আপোন ঘৰ-ভেটি এৰি বহু পৰিয়াল স্থানান্তৰ হ’ল নিৰাপদ স্থানলৈ৷

বহুবাৰ কাবৌ-ককালি কৰা স্বত্বেও ভুক্তভোগী নৈপৰীয়া গয়াৰ দুৰ্দিনলৈ চৰকাৰ-প্ৰশাসন কিম্বা সমষ্টিৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ৷

পুনৰ চৰকাৰ-প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷

Leave a Comment