ভয়াৱহ! অসমৰ এইখন জিলাৰ তিনি শিশু-গৰ্ভৱতী মহিলাসহ ৩৮৪জন এইডছত আক্ৰান্ত…

এক ভয়ংকৰ খবৰ! এইডছৰ কৱলত পৰিছে নগাঁও জিলা।

নগাঁৱত অস্বাভাবিক ভাবে বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা৷

এইডছত আক্ৰান্ত সৰহ সংখ্যকে ড্ৰাগছ লোৱাৰ ফলতে হোৱা বুলি নগাঁৱৰ স্বাস্হ্য বিভাগে নিশ্চিত কৰিছে৷

উদ্বেগজনক বিষয় এই যে, ভয়াবহ এইডছৰ কৱলত পৰিছে তিনিটাকৈ শিশু৷

ইয়াৰ বাহিৰেও একাধিক গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে এইডছত৷

নগাঁৱৰ স্বাস্হ্য বিভাগে এই তিনিটা শিশুক জখলাবন্ধাত চিকিৎসা প্ৰদান কৰি আছে৷

ইফালে, মহখুলিত চিকিৎসা প্ৰদান কৰি থকা হৈছে গৰ্ভৱতী মহিলা কেইগৰাকীক।

নগাঁও জিলাত ৩৮৪ জন এইডছত আক্ৰান্ত বুলি শেহতীয়াকৈ নগাঁও স্বাস্হ্য বিভাগে ধৰা পেলাইছে৷

নগাঁও অসামৰিক চিকিৎসালয়ৰ তত্বাবধানত ২০৯ জন চিকিৎসাধীন হৈ আছে৷ ইয়াৰে গৰিষ্ঠ সংখ্যকে ড্ৰাগছ আসক্ত৷ ২০৯ জনৰ ১৫০ জনেই ড্ৰাগছ আসক্ত এইডছ ৰোগী৷

১৫০ জনৰ গৰিষ্ঠ সংখ্যকে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰত বন্দী হৈ আছে৷

জানিব পৰা মতে, জখলাবন্ধাত ৫০জন এইডছ আক্ৰান্তক চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ ইয়াৰে তিনিটা শিশু৷ মহিলাৰ সংখ্যা ২৩ গৰাকী আৰু পুৰুষৰ সংখ্যা ২৪ জন৷

মহখুলিত আছে ৮৬ জন এইডছ আক্ৰান্ত৷ ধিঙত ৩৯জন এইডছ আক্ৰান্তক চিকিৎসা প্ৰদান কৰি আছে স্বাস্হ্য বিভাগে৷

Leave a Comment