ভয়ানক জাহাজ দুৰ্ঘটনাত কমেও ৮৩ জন নিহত, উদ্ধাৰৰ বাবে যোৱা হেলিকপ্টাৰো দুৰ্ঘটনাত পতিত

নিউজ ডেস্ক। উত্তৰ-পূব মাদাগাস্কাৰৰ উপকূলত সংঘটিত এক শোকাবহ জাহাজ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় কমেও ৮৩ জন লোকে। সোমবাৰে সংঘটিত এই জাহাজ দুৰ্ঘটনাৰ বিষয়ে বুধবাৰে অৱগত কৰে দেশখনৰ সামুদ্ৰিক সংস্থাটোৱে।
মেৰিটাইম এণ্ড ৰিভাৰ পোৰ্ট এজেন্সিৰ (এপিএমএফ) এজন মুখপাত্ৰই চিএনএনক জনোৱা মতে, দুৰ্ঘটনাত পতিত ৫০ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ৫ জন এতিয়াও সন্ধানহীন হৈ আছে।

এপিএমএফৰ তথ্য অনুসৰি, ১৩৮ জন লোকক কঢ়িয়াই নিয়া জাহাজখন সোমবাৰে নিশা ডুব যায়।
এপিএমএফৰ মুখপাত্ৰগৰাকীয়ে কয় যে “ফ্ৰাঞ্চিয়া” নামৰ দুৰ্ঘটনাত পতিত মালবাহী জাহাজখনে অবৈধভাৱে মানুহ পৰিবহন কৰিছিল।
বাতৰি অনুসৰি, জাহাজখনত অত্যাধিক লোড হোৱাৰ ফলত ইঞ্জিনটো প্লাবিত হয় আৰু পানীত বুৰ যায়।
ইফালে বেয়া বতৰৰ বাবে বুধবাৰে উদ্ধাৰ অভিযান স্থগিত ৰখাৰ পিছত বৃহস্পতিবাৰে পুনৰ অভিযান চলোৱা হয়।

এপিএমএফে কয় যে সোমবাৰে নিশা সমুদ্ৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা জাহাজখনৰ সন্ধানত অভিযান চলোৱা এখন হেলিকপ্টাৰো দুৰ্ঘটনাত পতিত হয়। যাৰ পিছত হেলিকপ্টাৰখনৰ জেনেৰেল চাৰ্জ গেলে প্ৰায় ১২ ঘণ্টা সাঁতুৰি সাগৰ তীৰত উপনীত হয়।
এপিএমএফৰ মুখপাত্ৰজনে বুধবাৰে সংবাদ সংস্থা চিএনএনক জনোৱা মতে, ৰাষ্ট্ৰীয় গেণ্ডাৰমেৰিৰ মুৰব্বী চার্জ গেলেক মঙলবাৰে ৰাতিপুৱা প্ৰায় ১২ ঘণ্টা সাঁতুৰি থকাৰ পিছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।
Operation de relevage du navire FRANCIA réalisée par les éléments de la Marine nationale Malagasy et de l’APMF Sainte Marie, qui a permis de poser l’epave sur la plage et de retrouver ensuite une vingtaine de corps, hier. @orangeactu @SE_Rajoelina @MarineNationale @LExpressMG pic.twitter.com/C5iItzZzjW
— Ministère de la Défense Nationale Madagascar (@MDN_Madagascar) December 22, 2021
গেলে মঙলবাৰে এক বিবৃতিত কয় যে হেলিকপ্টাৰখন বেয়া বতৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেওঁ প্ৰধানমন্ত্ৰী খ্ৰীষ্টান এনটিছে আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল লিয়ন ৰিচাৰ্ড ৰাকোটোনিৰিনাৰ সৈতে আছিল, যিয়ে এখন পৃথক হেলিকপ্টাৰত অনুসন্ধান অভিযানত তদাৰক কৰিবলৈ অঞ্চলটোলৈ গৈছিল।
এপিএমএফে সদৰী কৰা মতে, হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আন তিনিজন যাত্ৰী আছিল: এজন মেকানিক, এজন পাইলট আৰু কৰ্ণেল অলিভিয়েৰ এন্দ্ৰিয়ানাম্বিনিনা।

মেকানিকজনক জীৱিত অৱস্থাত মঙলবাৰে উদ্ধাৰ কৰা হয় যদিও দুৰ্ঘটনাত এন্দ্ৰিয়ানাম্বিনিনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে পাইলটজনৰ বাবে এতিয়াও সন্ধান চলি আছে।
লগতে চাওকঃ অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’