অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! ঘৰৰ সন্মুখত বিষাক্ত ফেঁটীৰ মুখৰ পৰা এনেদৰে এগৰাকী মাতৃয়ে ৰক্ষা কৰিলে নিজৰ সন্তানক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ এডাল ফেঁটী সাপৰ মুখৰ পৰা যেন এগৰাকী মাতৃয়ে ৰক্ষা কৰিলে নিজৰ সন্তানক।

ফনা মেলি শিশুটিক খুঁটিবলৈ সাজু হোৱা ফেঁটী সাপৰ সন্মুখৰ পৰা নিজৰ সন্তানক ৰক্ষা কৰা এগৰাকী মাতৃৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

মহিলাগৰাকীৰ তৎপৰতাই এতিয়া মন জয় কৰিছে নেট ব্যৱহাৰকাৰী সকলৰো।

দৰাচলতে এই লোমহৰ্ষক ঘটনা সংঘটিত হয় কৰ্ণাটকৰ মাণ্ডিয়াত।

মাণ্ডিয়াৰ মাদুৰৰ বৈদ্যনাথপুৰ ৰোডত পুৱা এগৰাকী মহিলাই তেওঁৰ কণমানি পুত্ৰক স্কুললৈ থ’বলৈ যোৱাৰ সময়তে ঘৰৰ দুৱাৰমুখত মুখামুখি হয় এডাল বিষাক্ত ফেঁটী সাপৰ।

শিশুটিৱে ঘৰৰ পৰা জঁপিয়াই জঁপিয়াই ওলাই অহাৰ সময়তে ভুলবশতঃ সেই সময়ত দুৱাৰমুখেৰে পাৰ হৈ যোৱা এডাল বিষাক্ত ফেঁটী সাপৰ গাৰ ওপৰত খোজ পৰে।

লগে লগে শিশুটিক দংশন কৰিবলৈ ফনা মেলা ফেঁটী সাপডালৰ সন্মুখৰ পৰা অতি ক্ষীপ্ৰতাৰে নিজৰ সন্তানটোক আঁতৰাই আনিবলৈ সক্ষম হয় মাতৃয়ে।

এই সমগ্ৰ দৃশ্য বন্দী হয় ঘৰৰ কাষতে থকা চিচি টিভি কেমেৰাত। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আশ্বৰ্যচকিত হৈ পৰিছে নেট ব্যৱহাৰকাৰী সকলো।

মুহূৰ্তৰ বাবে অজগৰৰ দংশনৰ পৰা ৰক্ষা পৰা শিশুটিৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তৎপৰতাৰে শিশুটিৰ জীৱন ৰক্ষা কৰা মাতৃ গৰাকীকো প্ৰশংসা কৰিছে নেট ব্যৱহাৰকাৰী সকলে।

প্ৰণিধানযোগ্য যে, কিছুদিন পূৰ্বে এনে এক ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰতো।

ঘৰৰ সন্মুখত খেলি থকা এটি কণমানিক আক্ৰমণ কৰা এটা নাহৰ ফুটুকী বাঘৰ সৈতে সাহসেৰে যুঁজি কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল এগৰাকী মাতৃয়ে।

Related Articles

Back to top button