ভয়কংৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান, আহত অৱস্থাত উদ্ধাৰ পাইলটক…

এক ভয়কংৰ বিমান দুৰ্ঘটনা।

ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান মিৰাজ–২০০০ দুৰ্ঘটনাগ্ৰস্ত

মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ বাবেদী গাঁৱত সংঘটিত হৈছে বিমান দুৰ্ঘটনা।

খেতিপথাৰত পৰাৰ ফলত মাটিত সোমাই পৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।

উল্লেখযোগ্য যে বিমানখন পাইলট ফ্লাইট লেফটেনেণ্ট অভিলাষে উৰুৱাই আছিল।

দুৰ্ঘটনাগ্ৰস্ত স্থানৰ পৰা কিছু দূৰত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে পাইলটজনক।

লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত।

জানিব পৰা মতে, আকাশত বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখিছিল বহু লোকে।

বিমানখন দ্ৰুতগতিত তললৈ নামি আহিছিল। এই দৃশ্য দেখি হুৱাদুৱা লাগে গাওঁখনৰ ৰাইজৰ মাজত।

Leave a Comment