মণিপুৰ

ভয়ংকৰ IED বিস্ফোৰণে কঁপাই গ’ল মণিপুৰৰ ৰাজধানী ইম্ফল…

বুধবাৰে পুনৰ এক বিস্ফোৰণে কপাই তুলিলে চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফল চহৰ।

বিস্ফোৰণৰ ঘটনাটো ইম্ফলৰ তেলিপাটি অঞ্চলত সংঘটিত হৈছে।

বুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত এখন গেলামাল দোকানৰ সন্মুখত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে সৌভাগ্যক্ৰমে এই বিস্ফোৰণত এজনো লোক হতাহত হোৱা নাই।

আৰক্ষীয়ে এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি পৰিদৰ্শন কৰে।

আনহাতে ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ এটা দলেও বিস্ফোৰণ স্থলী পৰ্যেবক্ষণ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এই সন্দৰ্ভত বক্তব্য ৰাখি পোৰোম্পত আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক খাইলেট লাংঘালে বিস্ফোৰণটো এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচৰ (আই ই ডি) পৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

তেওঁ কয় যে, চিচিটিভি ফুটেজৰ জৰিয়তে আৰক্ষীয়ে এজন সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰিছে। অৱশ্যে, সন্দেহজনক ব্যক্তিজনৰ পৰিচয় এতিয়াও লাভ কৰা নাই।

উল্লেখ্য যে বিগত ১৫ ডিচেম্বৰত ইম্ফলৰ পূব অঞ্চলত সংঘটিত হৈছিল আন এক এটা শক্তিশালী বিস্ফোৰণ।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button