ভয়ংকৰ ৰেল দুৰ্ঘটনা! ৰেলপথত বাগৰি পৰিল মালবাহী ৰে’ল, ৫ কিলোমিটাৰ নিলগৰ পৰাই শুনা গল শব্দ…

নিউজ ডেস্ক। বিহাৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন মালবাহী ৰে’ল।

বুধবাৰে পুৱা গয়া-কোদেৰ্মা ৰে’ল ছেকচনৰ গুৰপা ষ্টেচনৰ সমীপত ব্ৰেক বিকল হৈ দুৰ্ঘটনাত পতিত হয় কয়লা ভৰ্তি এখন মালবাহী ৰে’ল।

দুৰ্ঘটনাৰ ফলত ৰেল লাইনৰ পৰা উফৰি পৰে ৰেলখনৰ ডবা সমুহ।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে কেইবা কিলোমিটাৰ দূৰৰ পৰা শুনিবলৈ পোৱা গৈছিল ডবাবোৰে ইটোৱে সিটোক খুন্দা মৰাৰ শব্দ।

image 197
ভয়ংকৰ ৰেল দুৰ্ঘটনা! ৰেলপথত বাগৰি পৰিল মালবাহী ৰে’ল, ৫ কিলোমিটাৰ নিলগৰ পৰাই শুনা গল শব্দ… 3

দুৰ্ঘটনাৰ ফলত ৰেল পথটোৰে বন্ধ হৈ পৰে আন ৰেলৰ চলাচল।

তথ্য অনুসৰি, বুধবাৰে পুৱা গঝাণ্ডী-গুৰ্পা উপত্যকা অংশৰ দিলৱা ষ্টেচনৰ সমীপত মালবাহী ৰে’লখনৰ ব্ৰেক বিকল হৈ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

তাৰ পিছত গুৰপা হোম চিগনেল পাৰ হোৱাৰ লগে লগে ৰেলখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ তথ্য লাভ কৰি ৰেল বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।

ইতিমধ্যে ৰেল পথৰ ওপৰত বাগৰি পৰা ডবা সমূহ আঁতৰোৱাৰ কাম চলাই থকা হৈছে।