অসম
ভয়ংকৰ! হঠাতে দাওদাওকৈ জ্বলি উঠিল শিক্ষাৰ্থী কঢ়িওৱা বাহন…

তেজপুৰৰ বালিপুখুৰীৰ তিনিআলিৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
দাওদাওকৈ জ্বলি উঠিল ৰৈ থকা এখন এএছ ১২এ চি৯৮৩৪ নম্বৰৰ শিক্ষাৰ্থী কঢ়িওৱা মেক্সিম’ বাহনখন।
ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ বাহনখনৰ জুই নিৰ্বাপন কৰে যদিও বাহনখনৰ বিস্তৰ অংশ অগ্নিত জাহ যায়।
বৰ্তমানলৈকে বাহনখনত হোৱা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
চৰ্টশ্বাৰ্কিটৰ ফলতে বাহনখন জ্বলি উঠা বুলি সন্দেহ কৰা হৈছে।