fbpx
অসমঅসমীয়া

ভয়ংকৰ! স্কৰপিঅ’ বাহনক মহটিয়াই নিলে যাত্ৰীবাহী ৰে’লে, দুজনৰ মৃত্যু

নিউজ ডেস্ক। ধেমাজি জিলাৰ চমৰাজান পানীতোলাত সংঘটিত হৈছে এক শোকাবহ ঘটনা।

ৰে’ল লাইন পাৰ হ’বলৈ লওতেই স্কৰপিঅ’ বাহনক মহতিয়াই লৈ গ’ল নাহৰলগুন-তিনিচুকীয়া ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে’লখনে।

দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ উপৰি এগৰাকী মহিলাই চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

G2 9

নিহত জনক ডিম্পুল বৰগোঁহাই বুলি চিনাক্ত কৰা হৈছে। আনহতে, নিহত মহিলাগৰাকীৰ নাম অমৰাৱতী দলে বুলি জানিব পৰা গৈছে।

গেটবিহীন ৰে’ল লাইনটো পাৰ হ’বলৈ লওতেই এই শোকাবহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে শোকৰ ছাঁ।

ইপিনে, এই শােকাৱহ ঘটনাৰ বাবে ৰে’ল বিভাগকে জগৰীয়া কৰে স্থানীয় লোকে।

বাৰম্বাৰ অনুৰােধ কৰাৰ পিছতে উক্ত ঠাইত ৰে’লৱে গে’ট স্থাপন নকৰাৰ বাবেই পুনৰ উক্ত ঠাইত দুৰ্ঘটনা সংঘটিত হােৱা বুলি জানিবলৈ দিয়ে স্থানীয় লােকে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!