ভয়ংকৰ! ম্যাদ উকলা ঔষধত নতুন লেবেল লগাই বিক্ৰী, গ্ৰেপ্তাৰ ধুৰন্ধৰ মনিৰুদ্দিন

নিউজ ডেস্ক। ৰাজ্যৰ গ্ৰামাঞ্চলত শিপাইছে ম্যাদ উকলি যােৱা ঔষধৰ চােৰাং বেহা।

এইবাৰ ম্যাদ উকলা ঔষধৰ লেবেল সলাই বিক্ৰী কৰা চক্ৰৰ অন্যতম খলনায়ক মনিৰুদ্দিন পৰিল আৰক্ষীৰ জালত।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল এই দুৰন্ধৰ লােকজন।

মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অপৰাধী মনিৰুদ্দিনক।

ম্যাদ উকলা ঔষধ লেবেল সলাই বজাৰত বিক্ৰী কৰাৰ অভিযোগ ধৃত মনিৰুদ্দিনৰ বিৰুদ্ধে।

বিভিন্ন হাস্পতাল-ফাৰ্মাচীয়ে পেলাই দিয়া ম্যাদ উকলা ঔষধ সংগ্ৰহ কৰি ঘৰতে বিভিন্ন ঔষধৰ ম্যাদৰ তাৰিখ সলাইছিল বিক্ৰী কৰে ধৃত মনিৰুদ্দিনে।

উল্লেখযোগ্য যে মৰিগাঁও আৰক্ষীৰ মূৰৰ কামৰণিৰ সৃষ্টি কৰি আহিছিল মৈৰাবাৰীৰ এই ধৃত মনিৰুদ্দিনে।

মানুহৰ জীৱনকলৈ হেতালি খেলা দুৰ্ধৰ্ষ অপৰাধী মনিৰুদ্দিনৰ লগতে কেইবাটাও ম্যাদ উকলা ঔষধৰ কাৰ্টন জব্দ কৰে আৰক্ষীয়ে।

মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত পুৱতি নিশা ধৃত মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী।

Leave a Comment