fbpx
মণিপুৰঅসমীয়া

ভয়ংকৰ ভূমিস্খলন! কমেও ৭ গৰাকী সেনা জোৱান শ্বহীদ, সন্ধানহীন কমেও ২০ জন

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননী জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত নিহত হয় কমেও ৭ গৰাকী ভাৰতীয় সেনা জোৱান। ভূমিস্খলনৰ পিছত এতিয়াও কমেও ২০ জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

বুধবাৰে নিশা টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণ শিৱিৰত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

ভূমিস্খলনৰ সময়ত টুপুল ৰে’লৱে ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মী জোৱান কেইগৰাকী শ্বহীদ হয়।

G7 9

ইফালে বুধবাৰৰ নিশাৰ পৰাই দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰকাৰী বাহিনীয়ে।

উদ্ধাৰকাৰী দলে বৃহস্পতিবাৰে পুৱালৈকে ধ্বংসাৱশেষৰ পৰা ১৩ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও এতিয়াও আন ২০ জন সাধাৰণ নাগৰিক আৰু সেনা জোৱান সন্ধানহীন হৈ থকাৰ সন্দেহ কৰা হৈছে।

22 1

আহত সকলক ননী আৰ্মি মেডিকেল ইউনিটত ভৰ্তি কৰোৱা হৈছে।

কিন্তু বৰ্তমানো অব্যাহত থকা ভূমিস্খলন আৰু প্ৰতিকুল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী দলৰ এগৰাকী বিষয়াই।

সন্ধানহীন হৈ থকা সকলৰ ভিতৰত এটি শিশুৰ লগতে স্থানীয় গাঁওবাসী আৰু ৬-৭জন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী আৰু সেনা জোৱান থকাৰ সন্দেহ কৰা হৈছে।

G6 11

ইফালে, বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ ভূমিস্খলনৰ পৰিস্থিতিৰ সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতে। শ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযানত যোগদান কৰিছে আৰু আৰু দুটা দল টুপুললৈ যাত্ৰা কৰিছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে টুপুলত সংঘটিত ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ ল’বলৈ এখন জৰুৰী বৈঠক আহ্বান কৰে। এই অভিযানত সহায় কৰিবলৈ চিকিৎসকৰ লগতে এম্বুলেন্সো প্ৰেৰণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!