ভয়ংকৰ ভূমিকেন্দ্ৰীক সংঘাতত মৃত্যু এজনৰ, হত্যাকাৰীৰ ঘৰ জ্বলালে উত্তেজিত ৰাইজে…

বকোৰ সোণতলীত ভূমিকেন্দ্ৰীক ভয়ংকৰ সংঘাত।

এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।

সংঘাতত থিতাতে প্ৰাণ হেৰুৱাইছে এজন লোকে।

মৃত লোকজনৰ নাম আলি আকবৰ বুলি জানিব পৰা গৈছে৷য

সোণতলীৰ কিছমত কাঠমি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা৷

সংঘৰ্ষৰ সময়ত লোৰ ৰডেৰে আলি আকবৰক মৰিয়াই মৰিয়াই হত্যা কৰাৰ উত্থাপন হৈছে অভিযোগ ৷

আনহাতে এই মাৰপিটৰ ঘটনাত আহত হৈছে ২২ জনকৈ লোক। ইয়াৰে দুজনৰ অৱস্থা অতি সংকতজনক বুলি জানিব পৰা গৈছে।

কিছমত কাঠমি গাঁৱৰ কুৰবান আলী আৰু আলি আকবৰ নামৰ দুটা ফৈদৰ মাজত এডোখৰ ভূমিকলৈ সৃষ্টি হৈছিল সংঘাত ৷

আহত সকলক প্ৰথমে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে ১৭ জনকৈ লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আনহাতে এই ঘটনাৰ পিছতে হত্যাকাৰীৰ ঘৰ জ্বলাই দিয়ে একাংশ উত্তেজিত লোকে৷

ছয়টাকৈ ঘৰ জ্বলাই দিয়াৰ লগতে এখন মটৰ চাইকেলও জ্বলাই দিয়ে উত্তেজিত লোকসকলে।

পিছত ঘটনাস্থলীত বকো আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷