ভয়ংকৰ বোমা বিস্ফোৰণ! ধ্বংসস্তুপত পৰিণত এটা বাসগৃহ, শিশুসহ কেইবাজনো লোক আহত…

তামুলপুৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা।

বিস্ফোৰণৰ ফলত একেটা পৰিয়ালৰে শিশুসহ ৭ সাতগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

কেউগৰাকীকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

তামুলপুৰ জিলাৰ ভাৰত – ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত এই অঘটন সংঘটিত হৈছে।

শুকানজুলি ফায়াৰিং ৰেঞ্জত সেনাৰ প্ৰশিক্ষণ গ্ৰহণৰ সময়তে এই অঘটন সংঘটিত হয়।

ভাৰতীয় সেনা ৩১ নং ফিল্ড ৰেজিমেণ্টৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে দিশভ্ৰষ্টহ হৈ এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

লক্ষ্যভ্ৰষ্ট হোৱাৰ ফলত পাহাৰপুৰৰ পৰমেশ্বৰ হাজদাৰ নামৰ এগৰাকী লোকৰ ঘৰত পৰে বোমাটো৷

যাৰ ফলত পৰমেশ্বৰ হাজদাৰৰ আবাস গৃহ ধ্বংস হয়।

ঘটনা সংঘটিত হোৱাৰ পিছতে ১ নং পাহাৰপুৰৰ সমগ্ৰ অঞ্চলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত সেনা বিষয়া উপস্থিত হয়৷

এই সমষ্ট ঘটনা সন্দৰ্ভত সেনাই ক্ষমা খুজে গাঁওবাসীৰ ওচৰত৷

পৰিয়ালটোৰ আবাসহগৃহ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে সেনা বিষয়াই।

Leave a Comment