ভয়ংকৰ! বিমান বন্দৰত অৱতৰণৰ সময়তে দুটুকুৰা হৈ পৰিল এখন বিমান…

নিউজ ডেস্ক। এক ভয়ংকৰ বিমান দুৰ্ঘটনা।

বিমান বন্দৰত অৱতৰণৰ সময়তে দুটুকুৰা হৈ পৰিল এখন বিমান।

অৱশ্যে দুৰ্ঘটনাটোৰ ফলত সৌভাগ্যক্ৰমে কোনো লোকৰ প্ৰাণ হানি হোৱা নাই।

Image

এই ঘটনা সংঘটিত হৈছে দক্ষিণ আমেৰিকাৰ কোষ্টা ৰিকাৰ ৰাজধানী চান জোছৰ জুয়ান ছাণ্টা মাৰিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

আপাতকালীন বিমান অবতৰণৰ সময়ত ৰানওৱেত বিমানখনৰ পিছৰ চকা দুটা পিচল খায় আৰু বিমানখন দুটুকুৰা হৈ পৰে।

এই ঘটনাত বিমানখনৰ পাইলট সহ অন্য কৰ্মচাৰী সকল সামান্য পৰিমানে আঘাত পায়।

দুৰ্ঘটনাটোৰ পিছতে সুৰক্ষা জনিত কাৰণত বিমান বন্দৰৰ ৰানৱে বন্ধ কৰি দিয়া হয়।

দুৰ্ঘটনাটোৰ এক ভিডিঅ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

G7 1
ভয়ংকৰ! বিমান বন্দৰত অৱতৰণৰ সময়তে দুটুকুৰা হৈ পৰিল এখন বিমান... 3

Leave a Comment