fbpx
আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বিমান দুৰ্ঘটনা! পাহাৰত খুন্দিয়ই জ্বলি ছাৰখাৰ হ’ল ১৩৩ যাত্ৰী কঢ়িয়াই নিয়া ব’য়িং ৭৩৭ বিমান…

চীনত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান।

দক্ষিণ পশ্চিম চীনৰ গুৱাংছি অঞ্চলৰ ৱুঝৌ চহৰৰ সমীপৰ গ্ৰাম্য এলেকাত ভূপতিত হয় বোয়িং ৭৩৭ বিমানখন।

317

দুৰ্ঘটনাৰ সময়ত বিমানখনেৰে ক্ৰু মেম্বাৰসহ ১৩৩ জন লোকে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ৱুঝৌৰ টেং কাউণ্টিত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে। ইতিমধ্যে উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে।

চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং ৭৩৭ বিমানখনে সোমবাৰে দুপৰীয়া ১ বজাত পিছতকুনমিং চহৰৰ পৰা উৰা গুৱাংঝৌলৈ উৰা মৰাৰ কিছুসময় পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।

অৱশ্যে দুৰ্ঘটনাৰ ফলত হতাহতৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!