ভয়ংকৰ! বাৰিষাৰ উফন্দি উঠা নৈত বুৰ গ’ল যাত্ৰীবাহী নাও, কমেও ৭৬ জনৰ মৃত্যু

নিউজ ডেস্ক। বাৰিষাৰ ভৰা নৈত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু ৭৬ জন যাত্ৰীৰ।

এই ভয়ংকৰ দুৰ্ঘটনাৰ স্থান নাইজেৰিয়াৰ আনামব্ৰা ৰাজ্য।

দেওবাৰে ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীয়ে সদৰী কৰা মতে আনামব্ৰা ৰাজ্যত বানত ডুব যোৱা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৭৬ জনৰ লোকৰ মৃত্যু ঘটে।

image 76
ভয়ংকৰ! বাৰিষাৰ উফন্দি উঠা নৈত বুৰ গ'ল যাত্ৰীবাহী নাও, কমেও ৭৬ জনৰ মৃত্যু 4

শুকুৰবাৰে আনুমানিক ৮৫ জন যাত্ৰীৰ অতিৰিক্ত বোজা কঢ়িয়াই যাত্ৰা কৰাৰ সময়তে নাওখন নাইজাৰ নদীত ডুব যায়।

বুহাৰীৰ কাৰ্যালয়ে তেওঁৰ উদ্ধৃতি দি উল্লেখ কৰা মতে, ৰাজ্যখনৰ ওগবাৰু অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে নাইজাৰ নদীত সংঘটিত হয় এই দুৰ্ঘটনা।

image 77
ভয়ংকৰ! বাৰিষাৰ উফন্দি উঠা নৈত বুৰ গ'ল যাত্ৰীবাহী নাও, কমেও ৭৬ জনৰ মৃত্যু 5

উদ্ধাৰকাৰী দলে ইতিমধ্যে ৭৬ জনৰ মৃত্যু নিশ্চিত কৰিছে। আনহাতে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।

ইফালে নৈৰ কোবাল সোতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হোৱা বুলিও জানিবলৈ দিয়ে ৰাষ্ট্ৰপতিয়ে।

উল্লেখ্য যে, চলিত বৰ্ষত নাইজেৰিয়াত বানৰ কৱলত পৰি শতাধিক লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৩ হাজাৰৰো অধিক লোক গৃহহাৰা হৈ পৰিছে।