ৰাজ্যত ক্ৰমাৎ সক্ৰিয় ৰূপ ধাৰণ কৰিছে অনলাইন প্ৰৱঞ্চকৰ চক্ৰই।
এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নাম লৈ প্ৰৱঞ্চকে পেলালে প্ৰৱঞ্চনাৰ জাল।
বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ পৰা উপাচাৰ্যৰ নাম লৈ লুটি নিলে লক্ষাধিক টকা।
ভুক্তভোগী অধ্যাপকগৰাকী হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেছৰ অনুপ শইকীয়া।
জানিব পৰা মতে, অধ্যাপকগৰাকীৰ মোবাইললৈ ১৪ আগষ্টৰ দিনা উপাচাৰ্যৰ ফটোসম্বলিত 7722991836 নম্বৰৰ পৰা হোৱাটছএপযোগে এটা মেছেজ আহিছিল।
উক্ত মেছেজত উপাচাৰ্যৰ নাম লৈ অধ্যাপকজনৰ পৰা প্ৰৱঞ্চক চক্ৰটোৱে সহায় বিচাৰিছিল। চক্ৰটোৱে তেওঁৰ পৰা লক্ষাধিক টকাৰ এমাজন পে’ৰ গিফ্ট কুপন বিচাৰিছিল।
অধ্যাপকজনে উপাচাৰ্যই সহায় বিচৰা বুলি সেইমতেই কুপনসমূহ ক্ৰয় কৰি দিছিল। পৰৱৰ্তী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পৰা লাভ কৰা এক সতৰ্কতামূলক মেইলৰ পৰাহে স্পষ্ট হয় সকলো কথা।
ঘটনা সংঘটিত হোৱাৰ আগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এটা মেইল কৰিছিল যদিও এই মেইল খুলি চোৱা নাছিল অধ্যাপক গৰাকীয়ে।
ভুক্তভোগী অধ্যাপকজনে মেইলটো চোৱাৰ পূৰ্বেই প্ৰৱঞ্চক চক্ৰটোৱে তেওঁৰ পৰা ধন লুট কৰি নিয়ে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত তেখেতে লতাশিল থানাৰ লগতে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগত এক এজাহাৰ দাখিল কৰিছে।