অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী আলট্ৰা বাছৰ, ৩৫ জন যাত্ৰী আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী আলট্ৰা বাছৰ।

কমলপুৰৰ বাইহাটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

photo 2022 07 12 13 35 10

দুৰ্ঘটনাৰ ফলত আহত হয় এগৰাকী মহিলাসহ ৩৫ গৰাকী যাত্ৰী।

বাইহাটা চাৰিআলিৰ পৰা পাঠশালা অভিমুখি এএছ১৪চি৬২৯৯ নম্বৰৰ আল্ট্ৰা বাছখনে ৰৈ থকা এএছ০১ এচি৭৪৮১ নম্বৰৰ ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে ফলত ট্ৰাকখন পথতে বাগৰি পৰে।

আহত যাত্ৰীকেইগৰাকীক বাইহাটাস্থিত গে’টচ শইকীয়া হস্পিতালত ভৰ্তি কৰোৱা হয়।

লগতে চাওকঃ

অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ

GP singh

Related Articles

Back to top button