অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীসহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰিল নৈশবাছ, আহত প্ৰায় ১০ গৰাকী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীসহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰিল এখন নৈশবাছ।

শিৱসাগৰৰ গেমন দলঙৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতিনিশা সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় AS 01 MC 0917 নম্বৰৰ ‘তনুছ’ নামৰ নৈশ বাছখন।

নৈশ বাছখনত ২৫ গৰাকীৰো অধিক যাত্ৰী আছিল। খাৱৈত  বাগৰি পৰাত মহিলাসহ ১০ গৰাকীৰো অধিক যাত্ৰী আহত হয়।

তাৰ ভিতৰত আছে কেইবাগৰাকীও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী।

স্থানীয় কেইজনমান লোকে বহু কষ্ট কৰি বাছখনৰ ভিতৰৰ পৰা গ্লাছ ভাঙি উলিয়াই আহত যাত্ৰী সকলক।

আহতসকলৰ ৮ গৰাকীক ততাতৈয়াকৈ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

আহতসকলৰ নাম উদেষ্ণা ভৰালী (২১), ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), চাহিদুৰ আলী (২৫)।

ইয়াৰে ভিতৰত ছাত্ৰী বন্দিতা শইকীয়া আৰু অন্তৰা হাজৰিকাৰ ঘৰ ডিগবৈত। গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা দি ঘৰলৈ বুলি আহি আছিল নৈশ বাছখনত।

যাত্ৰীসকলৰ মতে চালকে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ দূৰ্ঘটনাটো।

 লক্ষ্যণীয় যে, বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পলায়ন কৰে চালক-হেণ্ডিমেনে।

Related Articles

Back to top button