ৰাষ্ট্ৰীয়

ভয়ংকৰ পথ দুৰ্ঘটনা! মন্দিৰৰ পৰা উভতাৰ পথত কৰুণ মৃ্ত্যুক সাৱটিলে দুই ভগ্নীসহ ভাতৃয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ দুই ভগ্নীসহ ভাতৃয়ে।

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া ৬ মান বজাত শনি মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতাৰ পথতেই তীব্ৰ বেগী ট্ৰাকৰ সৈতে বাইকৰ সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

এই পথ দুৰ্ঘটনাত দুই যুৱতীৰ থিতাতেই মৃত্যু হয় আনহাতে বাইক চলাই থকা যুৱকজনক গুৰুতৰ অৱস্থাত হস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু হস্পাতালত যুৱকজনে মৃত্যুক সাৱটি লয়।

মৃত্যু হোৱা যুৱক-যুৱতী কেইগৰাকী ক্ৰমে কমল(২১), ৰেখা(১৯) আৰু নিশা(১৮) বুলি জানিব পৰা গৈছে।

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে ট্ৰাক চালকে।

জানিব পৰা মতে মৃত কমল সিং সোন্ধিয়া আৰু ৰেখা সোন্ধিয়া একে মাতৃৰে সন্তান আৰু নিশা আছিল খুড়াকৰ কন্যা।

Related Articles

Leave a Reply

Back to top button