ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰু মালবাহী ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন, গুৰুতৰভাৱ আহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু মালবাহী ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱ আহত আন এজন।

ওদালগুৰিৰ মাজবাটত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, সোমবাৰে আবেলি ৪মান বজাত মাজবাটৰ আদৰ্শ গাঁও টানিং বজাৰৰ সমীপত উৰাং ৰূপা পথত লামাবাৰী দিশৰ পৰা অহা এখন বাইকক একে দিশৰ পৰা অহা ফ্লিপকাৰ্টৰ মাল কঢ়িওৱা এখন কণ্টেইনাৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ১৮ বছৰীয়া পীয়ূষ এক্কা নামৰ এজন যুৱক।

আনহাতে বাইকখনত উঠি অহা আনজন মনোজ ৰাজপুতক সংকটজনক অৱস্থাত টিএমচি’লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনা গ্ৰস্ত বাইখনৰ নম্বৰ AS 27 A1282 (টিভিএছ বাইক)।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ খনৰ নম্বৰ হৈছে- AS01 MC1399

মাজবাট আৰক্ষী ফ্লিপকাৰ্টৰ কণ্টেইনাৰখন জব্দ কৰাৰ লগতে মৃত যুৱজনৰ মৃতদেহ মাজবাট থানালৈ লৈ আনে।