fbpx
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! পিক আপ ভানৰ খুন্দাত ৯ গৰাকী যাত্ৰীসহ পুখুৰীত পৰিল টেম্পো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পিক আপ ভানৰ খুন্দাত ৯ গৰাকী যাত্ৰীসহ পুখুৰীত পৰিল টেম্পো।

মানকাচৰৰ দিয়াৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনাটো।

AS34C 0245 নম্বৰৰ পিক আপ ভানৰ খুন্দাত টেম্পোখন উফৰি গৈ পৰে পদপথৰ পুখুৰীত।

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছে টেম্পোখনত থকা ৯ গৰাকী যাত্ৰী।

ইয়াৰে চালক ছহিদূৰ ইছলামসহ আৰু যাত্ৰী হাচীনা খাতুনৰ (১২) অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

লগে লগে দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দুয়োখন গাড়ী হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ আছিল।

টেম্পো গাড়ী খনক অভাৰ টেক কৰিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনাটো।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পিক আপ বাহন খনৰ চালকগৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!