অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত পৰিল বাহন, কথমপি প্ৰাণ ৰাক্ষা ৩ জনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত পৰিল বাহন।

দেওবাৰে আবেলি ৰহাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন ৱেগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাল পথৰ দ খাৱৈত।

ৰহাৰ টোলগেটৰ সন্মুখৰ খাইগড়ত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা চালকসহ দুজনৰ।

দুৰ্ঘটনাগ্ৰস্ত ৱেগনাৰ বাহনখনৰ নম্বৰ এএছ ০১ইই ৮৭৮৫।

জানিব পৰামতে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন।

দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণে আহত হৈছে বাহনখনত থকা কামৰূপৰ ছয়গাঁৱৰ তীৰ্থ মোহন নাথ আৰু বিজুলী নাথ নামৰ দম্পতিহাল।

উল্লেখ্য যে, দেওবাৰে পুৱতিনিশা ৰহাৰ বগৰীগুৰিত এটি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনাটোত থিতাতে তিনিজনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছিল দুজন লোক।

তাৰ পিছতে পুনৰ আবেলি ৰহাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

Related Articles

Back to top button