অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই KTM বাইকেৰে পদপথত প্ৰচণ্ড খুন্দা, কৰুণ মৃত্যু দৰ্শিতৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পদপথত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় এখন KTM বাইক।

দুৰ্ঘটনাটোত থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন।

কলিয়াবৰৰ ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত যুৱকজন কলিয়াবৰ তিনিআলিৰ ২১ বছৰীয়া দৰ্শিত বৰা। 

আনহাতে আহত বাইক আৰোহীজন কলিয়াবৰ ন-সত্ৰৰ ২১ বছৰীয়া মানস বৰা।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাবে আহত দুই বাইক আৰোহীক কলিয়াবৰ আৰক্ষীয়ে ততাতয়াকৈ প্ৰেৰণ কৰে জখলাবন্ধা চিকিৎসালয়লৈ। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে দৰ্শিত বৰা নামৰ যুৱকজনক।

জানিব পৰা মতে জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল দুই বাইক আৰোহী। 

প্ৰত্যক্ষদৰ্শীৰ মতে চলন্ত অৱস্থাতে বাইকৰ সন্মুখৰ চকা ফুটি যোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিৰ পদপথত খুন্দিয়াই চুচৰি যায় দুই বাইক আৰোহী।

দুৰ্ঘটনাত পতিত KTM বাইকখনৰ নম্বৰ AS-12-AE-3848.

Related Articles

Back to top button