ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে বিজেপি কৰ্মী গনেশ ছেত্ৰীয়ে…

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে প্ৰাণ হেৰুৱালে বিজেপি কৰ্মী গনেশ ছেত্ৰীয়ে।

গোলাঘাট জিলাৰ বিষ্ণুপুৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

photo 2022 03 31 10 32 29
ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে বিজেপি কৰ্মী গনেশ ছেত্ৰীয়ে... 3

জানিব পৰা মতে, ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বৃহদাকাৰৰ হাইড্ৰাকেনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত অঞ্চলৰ সৰবৰহী যুৱক তথা ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কৰ্মী গনেশ ছেত্ৰী থিতাতে নিহত হয়।

এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে ৰাজপথ অৱৰোধ কৰি পৰিস্থিতি উতপ্ত কৰি তোলে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰাজপথৰ কাষত নীতি বৰ্হিভূত ভাৱে নুমলীগড় শোধনাগাৰৰ কামত ব‍্যৱহৃত বিভিন যন্ত্ৰ কঢ়িওৱা বৃহদাকাৰৰ গাড়ী, ট্ৰাক ইত্যাদি ৰাখি থোৱাৰ ফলত নিতৌ দুৰ্ঘটনাৰ সংঘটিত হৈ আহিছে।

অৱশেষত গোলাঘাট সদৰ আৰক্ষী থানাৰ কেইবাগৰাকীও বিষয়া ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে চাওকঃ

নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়া বাবুল আলীৰ বিয়ােগ…

G2 39
ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে বিজেপি কৰ্মী গনেশ ছেত্ৰীয়ে... 4

Leave a Comment