fbpx
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিলে এগৰাকী জোৱানে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিলে এগৰাকী জোৱানে।

হোজাই জিলাৰ লামডিং ৰে’লৱে বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

এখন নম্বৰপ্লেটবিহীন টাটা ACE বাহনৰ খুন্দাত নিহত হয় ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ জোৱানগৰাকী।

মৃত ৰে’লৱে সুৰক্ষা বিশেষ বাহিনীৰ জোৱানজন উত্তৰ প্ৰদেশৰ ভূপেন্দ্ৰ যাদৱ ৷

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী সহ চালকক আৰক্ষীয়ে আটক কৰিছে ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহত জোৱান গৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰি অতি সংকট জনক অৱস্থাত লামডিংৰ পৰা নগাঁওলৈ লৈ যোৱাৰ সময়তে মৃত্যু হয়।

বৰ্তমানে লামডিং ৰেলৱে সুৰক্ষা বাহিনীত শোকৰ ছাঁ পৰিছে এই মৃত্যুৰ খবৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!