শােকাৱহ! তীব্রবেগী আল্ট্ৰা বাছৰ খুন্দাত বিজেপি নেত্ৰীসহ দুই স্কুটি আৰোহীৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা, বাছৰ খুন্দাত থিতাতে মৃত্যু দুই স্কুটি আৰোহীৰ
বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত বাঘমাৰীত সংঘটিত হৈছে এই পথ দুর্ঘটনাটো।
বিশ্বনাথ চাৰিআলিৰ পৰা বিহালীৰ নিজা গৃহাভিমুখে গৈ থকা দুই স্কুটি আৰোহীক একে দিশেৰে লখিমপুৰ অভিমুখে গৈ থকা তীব্রবেগী এ এছ-০৭ বি চি-০১৪৬ নম্বৰৰ বাছখনে প্ৰচণ্ড খুন্দা মাৰে।

বাসুদেৱ নামৰ আলট্টা যাত্রীবাহী বাছখনে বাঘমাৰীৰ সমীৰণ চাহ ফেক্টৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত কৰে।
এই দুৰ্ঘটনাৰ ফলত স্কুটি আৰোহী যুৱক-যুৱতীৰ থিতাতে মৃত্যু হয়।

এ এছ-১২ জেদ-৩১৯৮ নম্বৰৰ স্কুটি আৰোহী যুৱতীগৰাকী বিহালীৰ গাংমৌথানৰ শান্তিপুৰ নিবাসী ঝুমা দৰ্জী (৩৭) আৰু যুৱকজন ধেমাজি থানাৰ অন্তৰ্গত ২ নং বৰালী চুকৰ দিলীপ দৰ্জী (৪২) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জিনজিয়া আৰক্ষীয়ে আলট্রা বাছ আৰু স্কুটিখন জব্দ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।
জানিব পৰামতে দুৰ্ঘটনাত মৃত্যু হোৱা ঝুমা দর্জী আৰু দিলীপ দৰ্জী বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা হৈছিল।
প্ৰয়াত ঝুমা দৰ্জী বিহালী সমষ্টিৰ গাংমৌথানৰ বাসিন্দা তথা বিহালী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোষাধ্যক্ষ আছিল।